Sunday 25 October 2015

তাহাজ্জুদ চালাত : তাহাজ্জুদ চালাতৰ দোৱা লক্ষ্যভ্ৰষ্ট নোহোৱা কাঁড়ৰ দৰে

তাহাজ্জুদ চালাত সম্বন্ধে : * জীৱনত আল্লাহৰ পৰা কিবা বিচাৰিব হলে তাহাজ্জুদ চালাত পঢ়ি বিচৰাতো শ্ৰেয়ঃ অন্যথা প্ৰকৃততে বিচৰা নহয়গৈ - শ্বেখ য়াচিৰ কাধি ।
* তাহাজ্জুদ চালাতৰ দোৱা লক্ষ্যভ্ৰষ্ট নোহোৱা কাঁড়ৰ দৰে (ইমাম চাফি (ৰঃ) ।
* সকলো নিদ্ৰাত থকা সময়ত উঠি তাহাজ্জুদৰ চালাত আদায় কৰিলে জীৱনৰ পথ আলোকময় আৰু উজ্জ্বল হয় ।
* আল্লাহৰ কথা বহুতে কয় কিন্তু খুব কম লোকে আল্লাহৰ লগত কথা পাতে । তাহাজ্জুদ চালাতৰ দোৱাৰ জৰিয়তে আল্লাহৰ লগত কথা পতা হয় ।
* আল্লাহৰ ওচৰত কিবা বিচাৰিব হলে তাহাজ্জুদ পঢ়া আৰম্ভ কৰি বিচাৰিব লাগে ।
* ফজৰৰ চালাতৰ ১৫ মিঃ আগলৈকে তাহাজ্জুদ পঢ়িব পাৰি ।
* তাহাজ্জুদৰ সময়ত আল্লাহৰ ওচৰত হাত দাঙি কৰা দোৱা আল্লাহে শুনিবলৈ ভাল পায় ।
* আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত ৰচুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱচাল্লামে কৈছে "ফৰজ চালাতৰ পিছত উত্তম চালাত হৈছে তাহাজ্জুদৰ চালাত (মুচলিম) ।
* তাহাজ্জুদ চালাতৰ লাভ সমূহ -
১) চুন্নত প্ৰতিষ্ঠা কৰা হয় যি চালাত ৰচুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱচাল্লামে কেতিয়াও ত্যাগ কৰা নাছিল ।
২) দোৱা কবুলৰ উত্তম সময় ।
৩) গুনাহ মাফৰ সঠিক ৰাস্তা ।
৪) তাহাজ্জুদ চালাতে চেহেৰা ও অন্তৰৰ উজ্জ্বলতা বঢ়ায় ।
৫) বেয়া ৰিপুৰ বিপৰীতে যুজিবলৈ শক্তি যোগায় ।
৬) আল্লাহৰ কাষ চপাৰ সহজ পথ ।
৭) অন্তৰত পৰকালৰ প্ৰতি ভালপোৱা সৃষ্টি হয়
৮) অন্তৰ কোমল কৰে আৰু আল্লাহৰ ওচৰত humble হোৱা যায় ।
৯) কোৰআনৰ বাণী মুখস্থ কৰাত সহায় হয় ।
* আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত ৰচুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱচাল্লামে কৈছে " প্ৰতি নিশা ৩য় প্ৰহৰত আল্লাহ তলৰ আচমানলৈ আহে আৰু বান্দাক উদ্দেশ্যি কয়, আছে নে কোনোবা মোক অভিযোগ দিবলৈ মই তেওঁৰ প্ৰতি সঁহাৰি জনাম, আছে নে কোনোবা মোৰ ওচৰত অনুৰোধ কৰিবলৈ, মই তেওঁৰ অনুৰোধ ৰক্ষা কৰিম, আছে নে কোনোবা মোক ক্ষমা বিচাৰিবলৈ মই তেওঁক ক্ষমা কৰি দিম (বুখাৰী বুক ২১ হদীচ নং ২৪৬) । আমাক সকলোকে আল্লাহে যেন এই আমল কৰাৰ তৌফিক দিয়ে ।

No comments:

Post a Comment