Wednesday 11 November 2015

তোমালোকে মোক যেনেকৈ চালাত আদায় কৰোতে দেখিছা ঠিক তেনেকৈয়েই চালাত আদায় কৰা : পুৰুষ/মহিলা : হাত বুকুত বন্ধা-নাৰী হওঁক বা পুৰুষ-Dr.A.Ali


১৫তম খণ্ড
তোমালোকে মোক যেনেকৈ চালাত আদায় কৰোতে দেখিছা ঠিক তেনেকৈয়েই চালাত আদায় কৰা”।
(ছহীহ আল বুখাৰী।)
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ চালাত (নামাজ)-
ইবৰাহীম নাখঈ ৰহঃ য়ে এইমত পোষন কৰিছে যেঃ "পুৰুষসকলে চালাতত যি কৰিব মহিলাসকলেও তাকেই কৰিব। (ইবনে শায়বাহ- চনদ ছহীহ)।
বুখাৰী ৰহঃ ই আত্ তাৰীখ আছ ছাগীৰ গ্রন্থৰ ৯৫ পৃষ্ঠাত ছহীহ চনদ সহ প্রখ্যাত মহিলা চাহাবী উম্মুদ্ দাৰদা (ৰাঃ) ৰ পৰা বর্ণনা কৰিছে, ‘তেওঁ (ৰাঃ)চালাতত পুৰুষৰ দৰে বহিছিল আৰু তেওঁ আছিল ফকীহ্ ।’ অর্থাৎ ফিক্হ সম্পর্কিত জ্ঞানৰ অধিকাৰীণী।
আবু দাউদ ৰহঃ য়ে ‘আল-মাৰাছীল’ গ্রন্থত ইয়াযীদ বিন আবী হাবীবৰ পৰা বর্ণনা কৰিছে, ‘ছাজদাত বুকুৰ কামি হাড়ৰ লগত হাত মিলাই ৰাখিব আৰু এই ক্ষেত্রত তেওঁলোক পুৰুষসকলৰ দৰে নহয়’ এইটো মুৰছাল হাদীছ আৰু এইটো ছহীহ নহয়।
*** মুৰছাল হাদীছঃ যি হাদীছৰ চনদৰ শেষৰ ফালে বর্ণনাকাৰী বাদ পৰিছে অর্থাৎ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু তাবিঈৰ মাজত শৃঙ্খল বিচ্ছিন্ন হৈ পৰিছে তাকে মুৰছাল বোলা হয়।
মুৰছাল হাদীছক প্রত্যাখ্যাত শ্রেণীৰ ভিতৰত উল্লেখ কৰাৰ কাৰণ হল সেই বর্ণনাকাৰীৰ অৱস্থা সম্পর্কে নজানা। কিয়নো, উক্ত উহ্য ব্যক্তি চাহাবীও হব পাৰে, তাবিঈও হব পাৰে। দ্বিতীয় অৱস্থাত তেওঁ দুর্বলও হব পাৰে, আকৌ নির্ভৰযোগ্যও হব পাৰে ইত্যাদি।
ইমাম আবূ হানীফা (ৰঃ) আৰু ইমাম মালিক (ৰঃ) য়ে মুৰছাল হাদীছ সন্দেহাতীতভাৱে গ্রহণৰ মত দিছে। আনহাতে ইমাম শাফিঈ আৰু ইমাম আহমাদ (ৰঃ) সেয়া অগ্রহণযোগ্য বুলি কৈছে। ***(ছূনান আবূ দাউদ, ১ম খন্ড, পৃঃ ৩)।
হাত কত বান্ধিব লাগিবঃ
ছহীহ হাদীছ অনুযায়ী হাত বুকুত বান্ধিব লাগিব। নাৰী হওঁক বা পুৰুষ। ওয়াৱেল ইবনে হুজৰ (ৰাঃ) য়ে কৈছে, "মই নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ লগত চালাত আদায় কৰিছো। তেওঁ তেওঁৰ সোঁহাত বাওঁ হাতৰ ওপৰত ৰাখি বুকুৰ ওপৰত হাত বান্ধিছিল। (ইবনে খুযাইমাহ ১ম খন্ড, ২৪৩পৃঃ, বুলুগুল মাৰাম ২০ পৃঃ)।
ইয়াৰ বাহিৰেওঁ বুকুৰ ওপৰত হাত বন্ধাৰ চাৰিটা হাদীছ পোৱা যায়। হানাফী মাযহাবৰ মহাবিদ্বান আল্লামা আইনী ৰহঃ য়ে কৈছে, নাভীৰ তলত হাত বন্ধাৰ হাদীছটোৰ চনদ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামলৈকে বিশুদ্ধ নহয়। এইটো আলী (ৰাঃ) ৰ উক্তি আৰু আলীৰ পৰা সেই বর্ণনাৰ সুত্রৰ মাজতো গণ্ডগোল আছে। কাৰন সেই চনদত আব্দুৰ ৰহমান ইবনে ইছহাক্ক কুফী আছে, যাক ইমাম আহমদ ৰহঃ য়ে কৈছে, লোকজন একেবাৰে বাজে, আৰু অস্বীকৃত। (ওমদাতুল ক্বাৰী, ২৭৯পৃঃ)।
হিদায়াৰ ব্যাখ্যাকাৰ আল্লামা ইবনুল হুমাম হানাফী ৰহিমাহুল্লাুয়ে কৈছে, ইমাম নৱভী ৰহঃ ই কৈছে, আবু দাউদ আৰু মুছনাদে আহমাদত বর্ণিত হাদীছটো যঈফ হোৱাৰ ক্ষেত্ৰত আটায়ে একমত। (ফতহুল ক্বদীৰ ১ম খন্ড ১১৭পৃৎ)।
হিদায়াৰেই আন এক ব্যাখ্যাকাৰী আল্লামা আব্দুল হাঈ লখনৱী হানাফী ৰহঃ য়ে কৈছে, ‘সেই হাদীছটো ক্ৰটিৰে পৰিপূর্ণ যিটো যঈফ হোৱাৰ কাৰণে ওয়াৱেল ইবনে হুজৰ ৰাঃ বর্ণিত (বুকুত হাত বান্ধা) হাদীছৰ সন্মূখত প্রত্যাখ্যানযোগ্য। (হিদায়া ১/৮৬পৃঃ)।
যিসকলে নাভীৰ তলত হাত বান্ধে আৰু বান্ধিব নির্দেশ দিয়ে তেওঁলোকৰ ওচৰত হিদায়াৰ মূল্য কিমান বা তেওঁলোকে হিদায়াক কিমান সম্মান কৰে। হিদায়াৰ প্রথমতেই লিখা আছে, ‘নিশ্চয়ই হিদায়া কুৰআনৰ দৰে।’
ছালতত থিয় হৈ নাভীৰ ওপৰত হাত বন্ধাৰ আৰু কিছু দলীলঃ মিশকাতঃ
মাওলানা নূৰ মোহাম্মদ আযমী- ২য় খন্ড, হাঃ নং- ৭৪১, ৭৪২, মিশকাত (মাদৰাছাৰ পাঠ্য) ঃ ২য় খন্ড, হাঃ নং- ৭৪১, ৭৪২, বাংলা অনুবাদঃ বুখাৰী শৰীফ (মাওলানা আজীজুল হক)ঃ ১ম খন্ড, হাঃ নং- ৪৩৫, ছহীহ আল বুখাৰী (ইঃ ফাঃ)ঃ ২য় খন্ড, হাঃ নং- ৭০২, মুছলিম শৰীফ (ইঃ ফাঃ)ঃ ২য় খন্ড, হাঃ নং- ৮৫১, আবূ দাউদ শৰীফ (ইঃ ফাঃ)ঃ ১ম খন্ড, হাঃ নং- ৭৫৯, তিৰমিযী শৰীফ (ইঃ ফাঃ)ঃ ১ম খন্ড, হাঃ নং- ২৫২, জামে তিৰমিযী (মাওলানা আব্দু নূৰ সালাফী)ঃ ১ম খন্ড, হাঃ নং- ২৪৪)

No comments:

Post a Comment